Tumgik
utpalmena · 1 month
Text
।। "এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ।।
Tumblr media Tumblr media Tumblr media
--উৎপল মেনা
"এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰজত কমল। চিনেমা খনৰ পৰিচালক কুলনন্দিনী মহন্ত। চিনেমা খনৰ লেখক "কথানদী", "আমিষ"ৰে চৰ্চালৈ অহা পৰিচালক ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্ত। স্বাভাৱিকতে "এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ"ৰ গল্পৰ গতি, বিষয়বস্তুত আমি অনুভৱ কৰিছিলোঁ নতুন চিনেচিন্তা। তেনেদৰে পৰিচালকেও চিনে গল্পটোক গতি দিছে নতুন বাট কাটি। পৰিচালকে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়, সংগীত ইত্যাদি। চৰিত্ৰ নিৰ্মান কৰিছিল কেনী বসুমতাৰী, মনোজ বৰকটকী, ৰুবুল বড়ো, নিতালী দাস, প্ৰতিভা চৌধুৰী, সৃষ্টি শৰ্মা, মণীষা ভূঞা আদিক লৈ। ৰূপালী গল্পটোৰ মূল বিন্দু --এগৰাকী কিশোৰী। মনত ক্ষোভ! ক্ষোভ বিদ্ৰোহলৈ ৰূপান্তৰ হয়, আৰু এদিন মাজনিশা ঘৰ এৰে। ঘৰ এৰি যাত্ৰা কৰে ৰহস্যময় মাছৰ সন্ধানত, আইতাকৰ সৈতে। কিশোৰী আৰু আইতাকৰ পিছ লয় এগৰাকী আৰক্ষীয়ে। কাহিনীয়ে গতি লয়, দৰ্শকে জানিব পাৰে-- (কাকতালীয়ভাৱে) কিশোৰী গৰাকীৰ মাক, আইতাকৰ জীয়েক আৰক্ষী গৰাকী। মজাৰ চিনে যাত্ৰা জটিল মানৱীয় আৱেগেৰে সিক্ত। মধুৰ চিনে অনুভৱ! কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে ৰূপালী গল্পটোক গতি দিছে গীতেৰে। ব্যৱহাৰ কৰা গীতৰ লগতে বেছহোলৰ (মনদ্বীপ তাৰো) আৱহ সংগীত চিনেমা খনৰ আন এক সৌন্দৰ্য। উল্লেখ্য যে এই পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি  ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)। ১১৫ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৭ জুন ২০২২-ত। স্থানীয় বজাৰত চিনেমা খনৰ ব্যৱসায় আছিল-- "এভাৰেজ"। 
0 notes
utpalmena · 3 months
Text
"ককাদেউতা" যতীন , "দুৰ্লভ" অৰুণ নাথ আৰু কিমান যে খবৰ!
--উৎপল মেনা
Tumblr media Tumblr media Tumblr media
(১)
যতীন বৰাই "অভিনয় শক্তি" দেখুৱাব পৰা চৰিত্ৰত আভিনয় নকৰা নহয়, কৰিছে--, মাত্ৰ এটা ইমেজত। পৰিচালক মুনিন বৰুৱাই নিৰ্মাণ কৰা ইমেজত। "বিধাতা"কে ধৰি কেইখন মান চিনেমাত। সন্দেহ নাই, বিতৰ্কৰ অৱকাশ নাই-- নিপন গোস্বামী, বিজু ফুকনৰ পাছত অসমীয়া চিনেমাৰ "নায়কৰ স্থান" দখল কৰিছে যতীন বৰাই। তেনেদৰে সন্দেহ নাই-- যতীন বৰা নামৰ সম্পূৰ্ণ অভিনেতা গৰাকীৰ "অভিনয় শক্তি" আজিৰ তাৰিখতো অসমীয়া চিনেমাত দৰ্শকে দেখা নাই, চিনেমা লেখকে, চিনেমা পৰিচালকে অভিনেতা গৰাকীক লৈ নতুন বা অন্য ধৰণৰ "চৰিত্ৰ চিন্তা" নকৰা বাবে।
আমাৰ ধাৰণাত শেহতীয়া ভাবে ("ৰত্নাকৰ"ৰ স্থানীয় বজাৰ সফলতাৰ বাবে হয়তো!) একশ্বনৰ মোহত পৰি চিনে যাত্ৰাৰ ভুল বাটত আগবাঢ়িছে যতীন বৰাই। ভুল বাটত আগবাঢ়ি থকা সময়তে খবৰ পালোঁ-- "ককাদেউতা নাতি আৰু হাতী-২"ৰ খবৰ। খবৰ পালোঁ-- "ককাদেউতা নাতি আৰু হাতী"ত নিপন গোস্বামীক লৈ কৰা "জনপ্ৰিয় ককাদেউতা"ৰ চৰিত্ৰটোৰ দৰে এটা চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই। আভিনয় কৰিব চিনেমা খনৰ আন এটা চৰিত্ৰটো। আমি আশাৰ বাট দেখিছোঁ "ককাদেউতা যতীন"ৰ মাজত যতীন বৰাৰ "অভিনয় শক্তি" অনুভৱৰ সুযোগ পাম!
"ককাদেউতা নিপন গোস্বামী" (মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়া) চৰিত্ৰটো নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা (পৰিচালক: নিপ বৰুৱা/ কাহিনী: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ/ চিত্ৰনাট্য: নিপ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ)। জানিব পৰা নাই "ককাদেউতা যতীন"ৰ চিন্তা নতুনকৈ কৰিছে, নে পূৰ্বৰ ইমেজতে নিৰ্মাণ হ'ব!
--"ককাদেউতা নাতি আৰু হাতী-২"ৰ পৰিচালক: অচিন্ত শংকৰ, চিত্ৰনাট্য: ৰাজদ্বীপৰ।
--এই খিনিতে মনলৈ আমিতাভ বচ্চন প্ৰসংগ। ভুল ৰাজনৈতিক সিদ্ধান্তৰ (চন: ১৯৮৪-১৯৮৭) পাছত, জনপ্ৰিয়তা হৃাস হোৱাৰ (চন: ১৯৮৮-১৯৯২) পাছত "লাল বাদশ্বাহ" (১৯৯৯), "হিন্দুস্তান কি কছম" (১৯৯৯) আদি চিনেমাৰে "বলিউডৰ ভুল বাট"ত খোজ দি পিছল খোৱাৰ পাছত "নতুন ইমেজ" দি আকৌ সফলতাৰ বাট দেখুৱাইছিল আদিত্য চোপ্ৰা(কভি খুছি কভি গম), ৰবি চোপ্ৰা (বাঘবান) আদিৰ দৰে তৰুণ পৰিচালক সকলে। আৰু পাছৰ পৰ্যায়ত ঋতুপর্ণ ঘোষৰ'দ্য লাষ্ট লিয়াৰ", সুজিত সৰকাৰৰ "পিকু", সঞ্জয় লীলা ভাঞ্চালীৰ "ব্লেক", ৰাম গোপাল বার্মাৰ "চৰকাৰ", মীৰা নায়াৰৰ "শান্তৰাম", শ্বুজিত ছিৰকাৰ "গুলাবো সীতাবো" আদিৰে নতুন বাট লৈছে; এই বাটত কোনো "ইমেজ" নাই, আছে কেৱল অমিতাভ বচ্চনৰ "আভিনয় শক্তি"। (আমিতাভ বচ্চনৰ এই প্ৰসংগৰ যতীন বৰা কেন্দ্ৰিক ব্যাখ্যা আমি নিশ্চয় কৰিব পাৰোঁ! --আচিন্ত তৰুণ পৰিচালক।)
(২)
আৰু এখন অসমীয়া চিনেমা-- হিমজ্যোতি তালুকদাৰৰ। "কেলেণ্ডাৰ"ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম-- তাৰিখ"।
সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা। ফ্ৰেমত-- এক আদহীয়া ব্যক্তি, প্ৰকৃতি। "প্ৰকৃতি"ৰ ভাষায়ে যেন ব্যক্তি গৰাকীৰ মনৰ কথা। ফটো খনৰ ব্যাক্তি গৰাকী "কেলেণ্ডাৰ"ৰ হিতেশ কাকতি (অৰুণ নাথ) নহয়তো! হিতেশ কাকতি নহয়, ব্যক্তি গৰাকীৰ নাম-- দুৰ্লভ দত্ত। ফটো খনে কয়-- দুৰ্লভ দত্তৰ জীৱন বাটৰ অভিজ্ঞতা ৭০ বছৰৰ কম নহয়!
পৰিচালক হিমজ্যোতি তালুকদাৰে লিখিছে-- "কোলাহলৰ পৃথিৱীখনত মৌনতাৰ এক বিশেষ ভাষা আছে – য’ত সোমাই থাকে আমাৰ ভিতৰখনত তোলপাৰ লগাই থকা আশাবোৰ, ঠিক যেন নিস্তব্ধ কিছুমান মুহূৰ্তত থকা সম্ভাৱনাৰ এটা আভাস! নৈঃশব্দৰ মাজতো লুকাই থাকে কিছুমান অকথিত কাহিনী - হৃদয়ৰ কথা কোৱা কাহিনী, ভালপোৱা আৰু হেৰুওৱাৰ কাহিনী, অতীতৰ গহ্বৰত লীন হৈ ভৱিষ্যতৰ সপোন দেখাৰ কাহিনী, আৱেগৰ ভাষাৰে সকলোকে সংযোগ কৰা কাহিনী – দুৰ্লভ দত্তৰ কাহিনী! ...মৌনতাৰ মাজেৰে আপাহবোৰক খেপিয়াই ফুৰা দুৰ্লভ দত্তৰ পৃথিৱীখনলৈ আপোনাক স্বাগতম।"
থাকক, কাহিনী প্ৰসংগ ইমানত থাকক, আৰু বেছি অনুভৱৰ বাট নিবিচাৰোঁ! ৬ ডিচেম্বৰ (২০২৪) -লৈ অপেক্ষা কৰোঁ! এই দিনটোতে চিত্ৰগৃহলৈ আহিব চিনেমা খন।
"চিনেমা"ত আমি "চিনেমাৰ ভাষা" (cinematic language) -ৰ আনন্দ লোৱা দৰ্শক। ফটো খনে দিয়া "অনুভৱ"-- আমাক হতাশ নকৰিব! আৰু সংগীত! সংগীত তৰালি শৰ্মাৰ যেতিয়া আশা কৰিব পাৰি-- ৰূপালী গল্পটোৰ অলংকাৰ হ'ব! (চিনেমা খনৰ প্ৰসংগত তৰালি শৰ্মা: কেতিয়াবা কিছুমান কামে দকৈ মন-মগজু চুই যায়। শেহতীয়াকৈ হিমজ্যোতি তালুকদাৰৰ নতুন চিনেমা 'তাৰিখ'ৰ আৱহ সংগীত কৰি থাকোতে তেনে ভাৱ হৈছিল। প্ৰত্যেক মানুহেই যে কিমান বেদনা কঢ়িয়াই লৈ ফুৰে...নীৰৱে...৷ শ্ৰদ্ধাৰ অৰুণ নাথ দা মানে দুৰ্লভ দত্তই একো সংলাপ নোকোৱাকৈও কিমান শক্তিশালী অথচ কিমান অসহায়-- "তাৰিখবোৰ কাৰোবাৰ কাৰণে যদি হাঁহি কাৰোবাৰ কাৰণে অন্তহীন প্ৰতীক্ষা!")
অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড° মুক্তিস্মান হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত এই "তাৰিখ"ত আৰুণ নাথৰ লগতে অভিনয় কৰিছে-- বলোৰাম দাস, স্বাগতা ভৰালী, কুল কুলদীপ, ডা: জয়ন্ত দাস, সঞ্জীৱ শৰ্মা আদিয়ে।
--চিনেমা খনৰ চিত্ৰনাট্য হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপৰ। চিত্ৰগ্ৰহণ: অনিৰুদ্ধ বৰুৱা, শব্দ গ্ৰহণত দেৱজিৎ গায়ন, সম্পাদনা : উদীপ্ত কুমাৰ ভট্টচাৰ্য, সাজ-সজ্জাৰ দায়িত্বত আছে ৰাণী দত্ত বৰুৱা, ৰূপ সজ্জাত আকাশ গগৈৰ।
(৩)
খবৰ: কিমান যে অসমীয়া চিনেমা!
চিনে উত্তৰণ আশা কৰিব পৰা, চোৱাৰ বাবে আগ্ৰহ বঢ়া চিনেমাৰ খবৰো আছে।
দিন হ'ল! সামাজিক মাধ্যমত চৰ্চালৈ আহিছিল দোতাৰা বজাই অভিনেতা বাহাৰুল ইছলামে "অ' মোৰ মলুৱাৰে..." গোৱা এটা ভিডিঅ'। পাছত, বহু পাছত জানিলোঁ এখন চিনেমাৰ কাম চলি থকা সময়ত, চিনেমা খনৰ সংগীত পৰিচালক তৰালি শৰ্মাই মোবাইলত ধৰি ৰখা "ভিডিঅ'"।
চিনেমা খনৰ নাম: "the woodcutter"। অসমীয়া চিনেমা, ইংৰাজী নাম।
প্ৰকাশ ডেকাৰ পৰিচালনা। "ফায়াৰফ্লাইছ-জোনাকী পৰুৱা"ৰ (তৃতীয় লিংগ কেন্দ্ৰিক উত্তৰপূৱ ভাৰতৰ প্ৰথমখন চিনেমা।) পৰিচালক গৰাকীৰ পৰিচালনা, চিনেচিন্তা। নাট্যকৰ্মী, বলিউডৰ বাটতো সফল খোজ দিয়া আভিনেতা বাহাৰুল ইছলামে চিনেমা খনত এগৰাকী লোক সংগীতৰ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। চিনেমা খনৰ ট্ৰেইলাৰ মুকলি হৈছে কান চলচ্চিত্ৰ মহোৎসৱত, যোৱা ২১মে' তাৰিখে। পাছত সামাজিক মাধ্যমত ট্ৰেইলাৰটো চাই অনুভৱ কৰিছোঁ-- এগৰাকী লোক সংগীতৰ শিল্পীৰ জীৱন, লোক সংগীত (সম্ভৱতঃ) চিনেমা খনৰ বিষয় বস্তু। বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী আগবাঢ়িব, কাহিনীয়ে বিষয় বস্তু কঢ়িয়াই নিব! ট্ৰেইলাৰটোৱে আমাক চিনেমা খনৰ প্ৰতি আগ্ৰহ বঢ়াইছে।
--চিনেমা খনৰ প্ৰযোজনা ড° জে ভি মনীষা বাজাজ আৰু তাৰ্চেম আণ্টিলৰ। ছাউণ্ড ডিজাইন অমৃত প্ৰীতম আৰু দেৱজিৎ চাংহাইৰ। বাহাৰুল ইছলামৰ লগতে অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, প্ৰতিভা চৌধুৰী প্ৰজ্বালিকা আদিয়ে।
আন এখন অসমীয়া চিনেমা, আমি আগ্ৰহেৰে আপেক্ষাত থকা--
"হনুমানৰ সাধু"। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। "শৃংখল" (The Quiver)-ৰ পাছত দ্বিতীয় পৰিচালনা (feature cinema)। জেউতি প্ৰডাকচনচৰ বেনাৰত প্ৰযোজনা কৰিছে মৃণালবিনে। এই হাস্যব্যংগ চিনেমা খনৰ কাহিনী পবিত্ৰ কুমাৰ ডেকাৰ। সংগীত মানস হাজৰিকাৰ।
আৰু এখন অসমীয়া চিনেমা-- "কলাজ"।
অমৰদীপ গগৈৰ চিত্ৰনাট্য-পৰিচালনা। চিনেমা খনৰ কাহিনীলৈ আহিব-- "অসমৰ ৭০-৮০ দশকত চলা অৰাজক অৱস্থা", অসম কেন্দ্ৰিক নক্সাল- আলফা প্ৰসংগ ইত্যাদি। সেই "অ-সময়"ত অসমৰ সাধাৰণ জনতা সোমাই পৰা সমস্যাৰ খণ্ডিত চিত্ৰই চিনেমা খনৰ কাহিনীক গতি দিব!
--চিনেমা খনৰ কাহিনী আৰু প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ। চৰিত্ৰ নিৰ্মাণ কৰিছে কুল কুলদীপ, ৰাজীব কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী , অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিনোদ লাল দাস, বিশ্বজিৎ বৰাৰ আদিক লৈ। সংগীতৰ সৌৰভ মহন্তৰ। শব্দ দেৱজিত গায়নৰ।
0 notes
utpalmena · 3 months
Text
Check out this post… "ৰূপালী পৰ্দাত ৰূপকোঁৱৰ".
1 note · View note
utpalmena · 3 months
Text
Check out this post… "ৰূপতীৰ্থৰ যাত্ৰী/চিনেচৰ্চা".
0 notes
utpalmena · 4 months
Text
0 notes
utpalmena · 4 months
Text
0 notes
utpalmena · 4 months
Text
CHECK OUT MY NEW BLOG!!!
0 notes
utpalmena · 4 months
Text
Tumblr media
মনোজৰ ১০০
--উৎপল মেনা
মনোজৰ ১০০। ১ মিনিটৰো কম দৈৰ্ঘৰ "চৰিত্ৰ"ৰে (চিনেমা: দ্ৰোহকাল (১৯৯৪) চিনেযাত্ৰা আৰম্ভ কৰা মনোজ বাজপেয়ীয়ে আজিৰ তাৰিখত বলিউদৰ (ভাৰতীয় চিনেমাৰো) বিশেষ ইমেজ। পৰৱৰ্তী সময়ত বেণ্ডিত কুইন, সত্যা, শূল, জুবেদা, অক্স, ৰোড, পিঞ্জৰ, ৰাজনীতি, গেংছ অফ ৱাছেপুৰ, আলীগড় আদি চিনেমাত কৰা অভিনয়ৰে আমাক চুই যোৱা মনোজৰ ১০০ নম্বৰ চিনেমা-- “ভাইয়া জী"। চিত্ৰগৃহলৈ আহিব অহা ২৪ মে'ত। অপূৰ্ব সিং কাৰ্কীয়ে পৰিচালনা কৰা এই চিনেমা খনত খঙাল মানুহৰ (Angry man) ইমেজত দেখা পাব। কথা প্ৰসংগত প্ৰযোজক সমীক্ষা ওছৱালে সাংবাদিকক কোৱা এই কথাত কিছু আভাষ পোৱা যায়, "ভাইয়া জী হৈছে মনোজ বাজপেয়ীয়ে আপোনালোকৰ মাজলৈ অনা এখন চিনেমা য’ত আৱেগ, একচন, প্ৰতিশোধ, নাটক আৰু ন্যায় আছে। যদি আপুনি একচন মনোৰঞ্জনৰ প্ৰকৃত অনুৰাগী তেন্তে এই ছবিখন আপোনাৰ বাবে।"
আমাৰ ধাৰণাত মনোজক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো খঙাল আৰু প্ৰতিশোধপৰায়ণ। দৰ্শকে সম্পূৰ্ণ নতুন ৰূপত দেখিব। --এই নতুন ৰূপটো চাবলৈ আমিয়ো আগ্ৰহী। চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহৰ আন এক কাৰণ, বিশেষ চৰিত্ৰ এটাত অভিনয় কৰিছে অসমৰ ভাগীৰাথি বাই কদমে। নাট্যকৰ্মী, দক্ষ অভিনেত্ৰী গৰাকী ইতিমধ্যে চৰ্চাৰ বিষয় হৈছে, ট্ৰেইলৰৰ মুক্তি দিয়াৰ পাছৰে পৰা।
--চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ হৈছে জোয়া হুছেইন, যতীন গোস্বামী, সুবিন্দৰ ভিকি, বিপিন শৰ্মা, আচাৰ্য অনন্ত, আকাশ মাখিজা,অমৰেন্দ্ৰ শৰ্মা, অমৃত শচন, জয়হিন্দ কুমাৰ, নিখিল মেহতা,বীণু শৰ্মা,ৰুদ্ৰ চৌধুৰী আদিক লৈ। ১৩৬ মিনিট দৈৰ্ঘৰ অৰ্জুন কুক্ৰেটিয়ে চিত্ৰগ্ৰহণ কৰা এই চিনেমা খন ফ্ল'ৰলৈ গৈছিল ২০২৩ চনৰ ১৯ ​​ছেপ্টেম্বৰত। --আন এক তথ্য:
"চিৰফ এক বন্দা কাফি হ্যায়" ৰ পিছত মনোজ বাজপেয়ীক লৈ অপূৰ্ব সিং কাৰ্কিৰৰ দ্বিতীয় পৰিচালনা।
সংযোজন:
মনোজ বাজপেয়ীৰ মই চোৱা কেইখনমান চিনেমাৰ তালিকা : 'জুবেদা ' (২০০১) , ' অক্স ' (২০০১), 'ৰোড' (২০০২) ,'পিঞ্জৰ' (২০০৩) , 'ৰাজনীতি' (২০১০) , ' গেংছ অফ ৱাছেপুৰ ' (২০১২) , ' আলীগড়' (২০১৬) । ভিন্ন ইমেজৰ চৰিত্ৰ। পৰিচালকে যি ইমেজৰ চৰিত্ৰ ৰচনা কৰিছে, সেই ইমেজতে বন্দী হৈ অভিনয় কৰিছে । ৰোমহৰ্ষক ৰজনীতিকৰ পৰা সমকামীলৈকে, ভিন্ন চৰিত্ৰত ।বিশেষ ভাবে ছুই গৈছিল 'আলীগড়'ৰ চৰিত্ৰটোই।
--ৰূপালী গল্পটোত দেখা যায় আলীগড় মুসলিম বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। নাম ৰামমচন্দ্র ছিৰাজ। সমকামী। মাৰিঠি ভাষা পঢ়াই, ভদ্ৰলোক। কিন্তু সমাজত গুৰুত্ব দিয়া নহয় ! কাৰণ ৰামচন্দ্ৰ সমকামী প্ৰবৃত্তিৰ।
'অক্স'(২০০১)। মানে --প্রতিবিম্ব । ৰাকেশ অ'মপ্রকাশ মেহৰাৰ প্ৰথম স্বাধীন পৰিচালনা। এক্সন - থ্ৰিলাৰ। মুল চৰিত্ৰ মনু বাৰ্মা । অভিনয়ত মোৰ প্ৰিয় অভিনেতা অমিতাভ বচ্চন। বিপৰীতে মোৰ প্ৰিয় অভিনেত্ৰী নন্দিতা দাস। আৰক্ষী বিষয়া বাৰ্মাই এজন খুনিৰ সন্ধানত ব্যস্ত হয়। অশৰীৰী খুনি ! এই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়েং গতি কৰে ৰূপালী গল্পটো। মনোজ বাজপেয়ীক লৈ নিৰ্মাণ কৰিছিল চৰিত্ৰটো। চৰ্চালৈ আহিছিল ! আৰু চিত্ৰৰসিকৰ ওচৰ চপাৰ সুযোগ পাইছিল । -- এই চিনেমা খনৰ দৰ্শক হোৱাৰ পিছত মনোজক ওচৰৰ পৰা শুনিছিলো। অভিনেতা গৰাকীয়ে কৈছিল , "মোৰ বাবে সহজ কথা নাছিল ! মই অমিতাভ অনুৰাগি ! মোৰ চিন্তাৰ বিষয় আছিল অমিতাভ বচ্চনে ইমান বিপৰীত চৰিত্ৰত অভিনয় কেনেকৈ কৰে? কেনেকৈ সম্ভৱ ! কেতিয়াবা লগ পালে সূধিম -- চাৰ , কেনেকৈ সম্ভৱ ! -- লগ পলোঁ। লগ পোৱাৰ পিছতে অভিনয় ! মোৰ মনত দুটা ক্ৰিয়া অনুভৱ কৰিছিলোঁ !
প্ৰথমটো: ভাল লগা। মই অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিম !
দ্বিতীয়তে: ভয় লাগিছিল ! মই অমিতাভ বচ্চনৰ সৈতে কেনেকৈ অভিনয় কৰিম?
মোৰ মনৰ অৱস্থা হয়তো অমিতাভ জীয়ে অনুভৱ কৰিছিল! "আমাৰ কৰিব লগিয়া একো নাই। যি কৰিব অ'ম প্ৰকাশেই কৰিব।" বুলি মোৰ ফালে চাইছিল। মোক সাহস দিছিল। সেই দিনায়ে বুজিছিলোঁ অমিতাভ বচ্চনে কেনেকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰে। মই মহাতাৰকা গৰাকীৰ ওচৰত সহজ হৈছিলো । " আৰু আজি কব পাৰি মহাতাৰকা গৰাকীৰ অভিনয় চমকে নিস্প্ৰভ কৰিব পৰা নাছিল মনোজৰ অভিনয় ক্ষমতা ।
0 notes
utpalmena · 4 months
Text
ৰবিৰ ৰুদ্ৰ
'ৰুদ্ৰ" নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত "বজাৰ সফলতা"ৰ ট্ৰেকত থকা "নায়ক" ৰবি শৰ্মাক লৈ "ৰুদ্ৰ" নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত যোৱা ১০ মে'ত উপস্থিত আছিলোঁ "ৰুদ্ৰ"ৰ মহুৰৎ অনুষ্ঠানত। মহুৰৎ শ্বট দিছিল ৰবি শৰ্মা আৰু অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচন কৰি অনা কেইগৰাকী মান যুৱকে। দুটা শ্বট লৈছিল, পৰিপাটি action shot (ডিজাইন, নিয়ন্ত্ৰক: দীপক দাস), পৰিচালকৰ নিৰ্দেশত। ভাল লগা দিশটো হ'ল-- দীপক দাস অসমৰ, ৰবি শৰ্মাৰ সৈতে অংশ লোৱা যুৱকৰ দলটো অসমৰ। পৰিচালকে action shot নিৰ্মাণৰ বাবে অসমৰ বাহিৰৰ চিনেকৰ্মীক গুৰুত্ব দিয়া নাই। এয়া ইতিবাচক দিশ। (দীপক দাসে বলিউড কেন্দ্ৰিক চিনেমাত কাম কৰিছে।) 
Tumblr media Tumblr media Tumblr media Tumblr media
পৰিচালক ৰূপক গগৈৰ "ৰুদ্ৰ' তৃতীয় পৰিচালনা, "গেংছ অৱ নৰ্থইষ্ট" (হিন্দী), "তুমি মালালা"ৰ পাছত। আমাৰ ধাৰণাত "ৰুদ্ৰ" হ'ব-- একশ্বন আৰু থ্ৰিলাৰ। কাহিনীক গতি দিব ৰবি শৰ্মাই অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি! সন্দেহ নাই-- এই চিনেমা খনত "একশ্বন হিৰো" ৰবি শৰ্মাক নতুন ৰূপত দেখা যাব। কেৱল "একশ্বন বৃত্ত"তে নাৰাখি ৰবিক নিশ্চয় "ৰোমাণ্টিক ইমেজ"তো বন্দী কৰিব পৰিচালকে। ৰবিৰ বিপৰীতে নন্দিনী কাশ্যপক লৈ নিশ্চয় ৰোমাণ্টিক মুডৰ গীতো চিত্ৰায়ণ কৰিব।
--চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিব মৃদুলা বৰুৱা, অলক নাথ,, অlৰ্চিত অদ্ৰৱ, প্ৰতিভা চৌধুৰী, ৰাজীব গোস্বামী, অদ্ৰি হাতীবৰুৱা, শান্তা ডী জী চৌধুৰী, অনামিকা বৰ্মন, হিমাংশু গগৈ, নৱ মহন্ত, অংসুতা কাশ্যপ, অশ্ৰlমিকা, জাহ্নৱী ম'ৰে, অনুৰাগ অধিকাৰী, হৰি প্ৰসাদ চাহু আদিক লৈ। ২ কোটি টকা বাজেট (চৰ্চা মতে)-ৰ এই অসমীয়া চিনেমা খন শ্যাম প্ৰডাকচনৰ বেনাৰ নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ  প্ৰযোজক: ৰাজেশ কুমাৰ ম'ৰ।
Tumblr media Tumblr media
এক চিনে আড্ডাত "ৰুদ্ৰ" চৰ্চা চলি থাকোতো মনলৈ আহিছিল "সূৰুয” (১৯৮৫)-ৰ, আন এখন অসমীয়া চিনেমাৰ। পুলক গগৈৰ পৰিচালনা। এই চিনেমা খন আছিল অসমীয়া চিনেমাৰ সেই সময়ৰ "স্থানীয় বজাৰ"ৰ চমক। পৰিচালনা শৈলী আছিল, সেই সময়ৰ আন অসমীয়া চিনেমাতকৈ বেলেগ, বলিউডৰ চিনেমাৰ ওচৰৰ। তপন দাসৰ দৰে (হিৰো ইমেজৰ) অভিনেতাক লৈ নিৰ্মাণ কৰিছিল "খলনায়ক চৰিত্ৰ"। একশ্বন, সংগীতৰ ব্যৱহাৰো আছিল বলিউডৰ ওচৰৰ। "সূৰুয" প্ৰসংগ মন���ৈ এই কাৰণেই আহিছিল-- "ৰুদ্ৰ"ৰ পৰিচালক ৰূপক পুলক গগৈৰ পুত্ৰ। আৰু! বাকী সময়ত স্পষ্ট হ'ব।
0 notes
utpalmena · 4 months
Text
"কুকি" আহি আছে...
কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।
Tumblr media
ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।
--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ) ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামাণ ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।
আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে। তাইক তাইৰ সুৰীয়া পৃথিৱী খনৰ পৰা বিচ্ছিন্ন কৰে। ধর্ষিতা কুকিয়ে ন্যায়বিচাৰত ন্যায় পায়। কিন্তু তাই ন্যায়ৰ পৰ্যাপ্ততাক লৈ প্ৰশ্ন উত্থাপন কৰে। কুকিয়ে উত্থাপন কৰা প্ৰশ্নটোৱে ৰূপালী গল্পটোৰ বিষয়বস্তু। --বিষয়বস্তু স্পষ্ট কৰিছে ৰূপালী গল্পটোৰ শেষত, কুকিৰ মুখত দিয়া সংলাপেৰে। বিষয়বস্তু কৈছে গল্পৰ বুনিয়াদত। সৰল ৰৈখিক গল্পটোৰ ভাল লগা দিশটো হ'ল কাহিনী, চৰিত্ৰ বিন্যাস। কাহিনীৰ গতিত কেইবাটাও উপকাহিনীৰ উক- মুকনি। পৰিচালক-চিত্ৰনাট্যকাৰে মূল গল্পৰ গতিতে সামৰি প্ৰতিটো "উপকাহিনী" সামৰি থৈছে, মূল কাহিনীৰ সৈতে "বিষয়বস্তু"লৈকে গতি দিছে।
--অসমৰ প্ৰযোজকে অসমীয়া পৰিচালকৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই হিন্দী চিনেমা খন (১০০টা) চিত্ৰগৃহলৈ আহিব অহা ২৮ (২০২৪) জুনত।
প্ৰযোজক পক্ষৰ মতে, হিন্দী ভাষাত নিৰ্মাণ কৰা "কুকি’"হৈছে অসমীয়া চিনেমা জগতখনৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক অনন্য নিদৰ্শন। চিনেমা খনৰ সৈতে জড়িত ৯৮ শতাংশ কলা-কুশলী অসমৰ মাটি-পানীৰ সৈতে জড়িত। এই পদক্ষেপে উদ্যোগটোৰ প্ৰতিভাৰ প্ৰাচুৰ্য্যক উজ্জ্বল কৰি তোলাই নহয়, চিনেমা খনৰ সৈতে জড়িত লোকসকলৰ মাজত শিক্ষণ, আন্তঃসাংস্কৃতিক বিনিময় আৰু দক্ষতা বিকাশৰ বাবেও এক মঞ্চ প্ৰদান কৰিছে। এই চিনেমা খনত উদ্যোগটোৰ সুপৰিচিত নামকে ধৰি স্থানীয় আৰু ৰাষ্ট্ৰীয় উভয় পটভূমিৰ অভিনেতা, কণ্ঠশিল্পী আৰু সংগীতজ্ঞসকলে কাম কৰিছে।
"আমাৰ লক্ষ্য হৈছে আমাৰ স্থানীয় অঞ্চলৰ বাহিৰৰ দৰ্শকৰ আগত অসমীয়া চিনেমা সমৃদ্ধি আৰু বৈচিত্ৰ্যক চিত্ৰিত কৰা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথিত ভাষা হিন্দীত এই ছবিখন নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তই আমাৰ কাহিনী উপস্থানৰ শৈলী আৰু কাৰিকৰী দক্ষতাক বহল পৰিসৰৰ দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে।" --প্ৰযোজক পক্ষৰ ব্যখ্যা, চিনেমা খন হিন্দী ভাষাত নিৰ্মাণ কৰা প্ৰসংগত।
0 notes
utpalmena · 4 months
Text
সুন্দৰপুৰ কেয়ছ আৰু কিছু কথা
এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো "চৰ্চা" যেন একোটা গল্প। সন্দেহ নাই-- প্ৰতটো "চৰ্চা"ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ নাম-- "সুন্দৰপুৰ কেয়ছ"। পৰিচালক: ঝুলন কৃষ্ণ মহন্ত। পৰিপাটি পৰিচালক, "পৰিচালনা"ৰ প্ৰতিটো দিশতে দখল থকা পৰিচালক। স্পষ্ট এই কেইটা দিশত-- চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনাও ঝুলন কৃষ্ণ মহন্তৰ। (নিজৰ চিনেমায়ে নহয়, আন পৰিচালকৰো চিনেকৰ্ম পৰিপাটিকৈ সম্পাদনা কৰা দেখিছোঁ, ঝুলনে আন পৰিচালকৰ বাবে কাহিনী, চিত্ৰনাট্য লিখাৰ কথাও আমি জানো। জানো, আমাৰ অনুভৱত ঝুলন সফল সম্পাদকো, চিনেমা লেখকো।) আমি চিনেকৰ্মী গৰাকীৰ পৰা জানিব বিছৰাত "সুন্দৰপুৰ কেয়ছ"ৰ বিষয়ে ক'লে, হাতত থকা চিনেমাৰ কথা ক'লে-- "নতুন চিনেমা কেইখনৰ বিষয়ে ক'বলৈ গলে মই সম্পাদনা কৰা আৰু লিখি উলিওৱা আহিবলগীয়া চিনেমা সমূহৰ ভিতৰত 'গেং অফ ৰাজু মামা'ৰ কিছু কাম আছে।
Tumblr media Tumblr media Tumblr media Tumblr media
'সন্ধ্যামালতি, এতিয়াও সাৰে আছে'ৰ কাম আৰম্ভ হ'বলৈ বাকী আছে কিন্তু প্ৰায় প্ৰস্তুত হৈ উঠিছে 'সুন্দৰপুৰ কেয়ছ' বুলি চিমেমাখন। অসমৰ এক সমস্যা ভূমি বেদখলৰ সমস্যা । চুবুৰীয়া ৰাজ্যৰ ক্ষেত্ৰতো এনে অভিযোগ ওলায় যদিও বাংলাদেশী অনুপ্ৰৱেশ আৰু সত্ৰৰ মাটিত তেওঁলোকৰ অৱস্থানৰ খবৰ আমাৰ বাবে নতুন নহয়।
অসমৰ এক অনন্য সম্পদ অসমৰ সত্ৰ সমূহ। অসমীয়া বৃহত্তৰ জাতি গঠন হোৱাৰ প্ৰক্ৰিয়াটোত গুৰি ধৰা, আধ্যাত্ম��ক জ্ঞান আৰু বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে শংকৰদেৱ গুৰুজনাই জন্ম দিয়া সত্ৰ সমূহত যেতিয়া বিদেশী আহি বহি লয়হি কোনোবা এজন অসমীয়া ল'ৰাৰ যদি খং উঠে কি কৰিব পাৰে? সত্ৰৰ পৰিৱেশত ডাঙৰ হৈও খঙাল অথচ যুক্তিবাদী এজন লৰা কিংকৰে সমাজ আৰু সত্ৰাধিকাৰক কি প্ৰশ্ন কৰিব পাৰে? সত্ৰাধিকাৰে কি উত্তৰ দিব পাৰে, এইবোৰৰ কথাৰ কল্পনা কৰিয়েই মই লিখি উলিয়াইছিলো 'সুন্দৰপুৰ কেয়ছ'ৰ কাহিনী । অসমত বহু কেইটি মিউজিক ভিডিঅ’ ৰ প্ৰযোজনা কৰা আৰ চি প্ৰডাকচনৰ প্ৰযোজকসকলে কাহিনীটো ভাল পাই আগবাঢ়ি আহি��� চিনেমাখন প্ৰযোজনা কৰিবলৈ। এই বছৰ নবেম্বৰৰ ২৯ তাৰিখে অসমৰ চিনেমা হল সমূহত মুক্তি পাব চিনেমাখনে।চিত্ৰনাট্যৰ ওপৰিও সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব লোৱা এই অসমীয়া চিনেমাখনৰ বাবে মই যথেষ্ট আশাবাদী। মই অসমৰ মানুহৰ আশীৰ্বাদ বিচাৰিম যাতে এনে কিছু কথা ৰাইজৰ সন্মুখলৈ আনিব পৰাকৈ শক্তি পাওঁ। শংকৰদেৱে অসমৰ জাতি জনজাতিক একেডাল দোলেৰে বান্ধিবলৈ চেষ্টা কৰাৰ পাছতো মই ভাবোঁ আমি ভাবি চাব লাগে আমি কিমান সফল হৈছোঁ। যিবোৰ প্ৰয়োজনীয় কথাৰ পৰা আমি প্ৰায়েই গা এৰাই চলোঁ তেনে বহু কথাৰ প্ৰশ্ন উঠিব 'সুন্দৰপুৰ কেয়ছ'ত। মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিম কথাবোৰ যাতে চৰ্চালৈ আহে। চিনেমা এখন হৈ উঠা আৰু হললৈ অহাৰ মাজতো তাৰ এক দীঘলীয়া যাত্ৰা আৰু বহু পৰিশ্ৰম থাকে। মই আশা কৰোঁ ৰাইজৰ সহায় পাম। চিনেমাখন বিভিন্ন মহোৎসৱলৈও পঠোৱাৰ যোজা কৰা হৈছে। আশা কৰোঁ সকলো শিল্পী কলা কুশলীৰ কষ্টই সফলতাৰ মুখ দেখিব।"
--প্ৰায় সম্পূৰ্ণ হোৱা "সুন্দৰপুৰ কেয়ছ" গায়ত্ৰী হাজৰিকা, আৰ চমুৱা আৰু দিগন্ত ঠাকুৰীয়াৰ প্ৰযোজনা। চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস, সংগীত: সৌৰভ মহন্ত, শব্দ- দেৱজিত গায়ন, সাজ সজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ। "চৰিত্ৰ" নিৰ্মাণ কৰিছে অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, পাৰ্থ প্ৰতিম হাজৰিকা, বনি দেউৰী, শিল্পী দত্ত আদিক লৈ।
--আমাৰ ধাৰণাত এয়া স্পষ্ট, ঝুলনৰ চিনেচিন্তা কেৱল "স্থানীয় বজাৰ" কেন্দ্ৰিক নহয়। চিনে শিল্পৰ বাবে চিনেকৰ্ম কৰি, সমাজৰ ওচৰত থাকি "স্থানীয় বজাৰ"তো সফলতাৰ বাট বিছাৰে।
0 notes
utpalmena · 4 months
Text
হীৰেণ বৰাৰ "বোৰ্খা"
পৰিচালক-চিনেমা লেখক হীৰেণ বৰা চৰ্চাৰ বিষয় হৈছিল প্ৰথম খন চিনেমাই অসমীয়া চিনেমায শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ পাছত। চিনেমা খনৰ নাম-- বসুন্ধৰা (The Earth)। চিনেমা খনে বঁটা লাভ কৰিছিল ২০০৯ চনত। পৰৱৰ্তী সময়ত এই চিনেমা খনে অসম ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী, শ্ৰেষ্ঠ খলনায়ক, শ্ৰেষ্ঠ সহ-অভিনেতা, শ্ৰেষ্ঠ গীতিকাৰ, শ্ৰেষ্ঠ শব্দগ্ৰহণ আৰু শ্ৰেষ্ঠ শিশুশিল্পীৰ মুঠ নটা বঁটা লাভ লাভ কৰিছিল। চিত্ৰ ৰসিকৰ আশীৰ্বাদ পাইছিল কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত। চিনেমা খনৰ বিষয়বস্তু আছিল হাতী-মানুহৰ সংঘাত। --এই সফলতাৰ পাছত পৰিচালক গৰাকীয়ে কৰিছে "সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’, "ক্ষোভ", "বাঁহী" আদি। এই খিনিতে উল্লেখ কৰিব পাৰি-- হীৰেন বৰাৰ চিনেমাৰ বিষয় বস্তুত এই কথা স্পষ্ট — সামাজিক দায়বদ্ধতাৰ কথা মনত ৰাখে । সমাজৰ ছবি ৰূপালী পৰ্দালৈ আনে । ” বসুন্ধৰা ” ত আছিল সমাজৰ সমস্যা । পৃথিৱীৰ সমস্যা । আৰু দ্বিতীয় ( চিনেমা ) পৰিচালনা “ক্ষোভ ” শিশু মনস্তত্ব । গাওঁৰ মুকলি আকাশৰ আকাশৰ তলত উমলি ফুৰা চিনেমা খনৰ কিশোৰ নায়ক সঞ্জু চহৰৰ যান্ত্ৰিকতাৰ সজাত বন্দী হয়। ককা – আইতাক , ভনীয়েক আৰু বহুজনৰ সৈতে কৈশোৰৰ সোণালী সুদিন পাৰ কৰি থকাৰ সময়তে দেউতাকৰ চকৰিৰ বাবে সঞ্জুই পৰিয়ালৰ সৈতে গুৱাহাটীলৈ আহে আৰু নানা সমস্যাৰ মাজত সোমাই মানষিক ভাবে অস্থিৰ হয়।– বহু দিন হীৰন বৰাৰ সৈতে চিনেমাকেন্দ্ৰীক চৰ্চা হোৱা নাছিল । আৰু এদিন যেতিয়া লগ পাইছিলো কৈছিল— ”ক্ষোভ “ৰ কথা।
Tumblr media
"ক্ষোভ"ৰ প্ৰসংগৰে হীৰেণ বৰাই আৰু কৈছিল-- "মোৰ ধাৰণাত চিনেমা ‘ চিনেমা'ৰ বাবে নিৰ্মাণ কৰিব নালাগে, চিনেমা ‘ বজাৰ ‘ৰ বাবেও নিৰ্মাণ হব নালাগে, চিনেমা মানুহৰ বাবে, মানুহৰ কল্যাণৰ বাবে নিৰ্মাণ হব লাগে । গতিকে মই ভাবো, মোৰ ধাৰণা মনত ৰাখি মই সফল ! কৰ্ণাতক ইণ্টাৰনেচনেল শিশু ফিল্ম মহোৎসৱত ১০০ খন স্ক্ৰীণত ৭,৫০,০০০ গৰাকী কিশোৰ দৰ্শকক চিনেমা খন দেখুৱাইছিল । কেইবা খনো চলচ্চিত্ৰ মহোৎসৱত চিনেমা খনে বঁটা লাভ কৰিছে । কিন্তু মোৰ বাবে ৭,৫০,০০০ গৰাকী দৰ্শকক যে কৰ্ণাতক চৰকাৰে চিনেমা খন দেখুৱাইছে সেয়া মোৰ বাবে বেছি আনন্দৰ।"
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
--এই গৰাকী পৰিচালকৰ শেহতীয়া চিনেমা: বোৰ্খা (the veil)। কাহিনী: জিতুমণি বৰাৰ। চিত্ৰনাট্য লিখিছে নৰেন পাটগিৰিয়ে।
চিনেমা খনৰ মুখ্য সহকাৰী পৰিচালক মলয় ৰয়, সহকাৰী পৰিচালক সুমনা সুৰভি, কলা নির্দেশক পংকজ বেজবৰুৱা, ব্যৱস্থাপনা হীৰেণ কলিতাৰ লগতে কেমেৰাত পাপু ডেকা আৰু কেমেৰা সহযোগী মৃদুপৱন বৰ্মন, দেৱাশিস প্রাণকৃষ্ণ বৰা। সাজসজ্জাত ৰ'জী বৰা, সম্পাদনাত দীপক মণ্ডল, শব্দগ্রহণ বলেন পাঠক আৰু ব্যৱস্থাপনা সমন্বয়ক নৱকুমাৰ কলিতা। ৰি-ৰেকৰ্ডিং হিমান্ত কুমাৰ গগৈ আৰু কল্পনা ভূঞাঁ গগৈৰ। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে, ৰঞ্জিত কুমাৰ দাস, ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ডাঃ নৰেশ্বৰ শৰ্মা, ৰ'দালী বৰা, দুর্গাশ্ৰী বৰা, আদ্রিতা পৰশা মহন্ত, ৰ'জী বৰা, অহিত খান, দীপাংকৰ দেৱ বৰাল, জেচমিন খাতুন, ৰেজাউল কবিৰ, আজাদ উচমান গনি, কাচভি বৰুৱা আহমেদ আৰু শিশু শিল্পী নিৰজ শৰ্মা।
0 notes
utpalmena · 4 months
Text
ৰাজপাল, মনোজৰ বাটেৰে যতীন খনিকৰ
এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু "চিনাকী মুখ"ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম-- "বেলকনিত ভগৱান"। অভিনেতা গৰাকীক জনা নাছিলোঁ, জানিলোঁ "কুঁহিপাঠ" নামৰ চিনেমা খন চোৱাৰ পাছতহে। যোৱা ১২ মে' তাৰিখে চিনেমা খন চোৱাৰ পাছত অভিনেতা গৰাকীক জানিছিলোঁ, বুজিবলৈ চেষ্টা কৰিছিলোঁ! ইমান খিনি বুজিছিলোঁ-- অভিনয়ৰ বাবে অভিনয় কৰা অভিনেতা। সৰল ভাষাত "আভিনয় পাগল" বুলিয়ো কব পাৰি। আৰু জানিছিলোঁ, চৰিত্ৰ বুজি, "চৰিত্ৰ"লৈ নিজকে ৰূপান্তৰ কৰাৰ পাছতহে কেমেৰাৰ সন্মুখত শ্বট দিয়ে। --অভিনেতা গৰাকীৰ নাম যতীন খনিকৰ। 
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
যতীন খনিকৰ চৰ্চালৈ আহিছিল চন্দ্ৰ মুদৈৰ পৰিচালনাৰে নাৰ্মিত-- "গো গো আই"ত কৰা অভিনয়ৰে। মূল চৰিত্ৰটোত অভিনয় কৰিছিল। পৰিচালক-লেখক মুদৈয়ে COVID-19 lockdown-ৰ সময়ৰ এটা সঁচা কথাৰ আধাৰত কাহিনী, আৰু কাহিনীক গতি দিয়া চৰিত্ৰ (কাহিনীৰ মূল বিন্দু)  এটা নিৰ্মাণ কৰিছিল। কাহিনীৰ সেই মূল বিন্দুটো পৰিচালকে নিৰ্মাণ কৰিছিল যতীন খনিকৰক লৈ। চৰিত্ৰটো লকডাউনৰ সময়ত গুজৰাটৰ পৰা অসমলৈ যাত্ৰা কৰা এগৰাকী লোকৰ। চিনেমা খনৰ মূল সৌন্দৰ্য খনিকৰৰ অভিনয়।
Tumblr media Tumblr media
--এই গৰাকী অভিনেতাক লৈ আৰু ভালেমান ভাল চৰিত্ৰ নিৰ্মাণ হৈছে। অভিনয় কৰা চিনেমা: জীৱনসংগী , হিয়া দিবা কাক. পূৰৱ কি আৱাজ, ভোলা ব'মভোলা, গমন, আমিনা, বেলকনিত ভগৱান, ফেঁহুজালি, লোকবন্ধু, ব্ৰহ্মকন্যা, দ্যা ফেচ, আহি আছে, তুমি মালালা, অৰ্জুন, লংকাকাণ্ড, তাণ্ডৱ অব পাণ্ডৱ, ব্ৰকেন হাৰ্ট, ৰণাংগন, কুঁহিপাঠ, বোৰ্খা --the veil আদি। আমি মন দিলে দেখিম-- স্থানীয় বজাৰ কেন্দ্ৰিক চিন্তাৰে নিৰ্মাণ হোৱা আসমীয়া চিনেমাত অভিনেতা গৰাকীয়ে বিশেষ সুযোগ পোৱা নাই। কাহিনীক গতি দিবলৈ বা পৰিবেশ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা কম ফুটেজৰ, আতি কম ফুটেজৰ চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছে। অভিনেতা গৰাকীক লৈ কোনো ধৰণৰ চৰিত্ৰ নিৰ্মাণ হোৱা নাই। বিপৰীতে চিনেশিল্পৰ বাবে নিৰ্মাণ হোৱা চিনেমাত দীৰ্ঘ ফুটেজৰ ভাল চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছে। আমাৰ ধাৰণাত-- এই যে পাইছে, পোৱানাই এয়া এয়া অভিনেতা গৰাকীৰ বাবে চিন্তাৰ বিষয় নহয়! "চৰিত্ৰ" চৰিত্ৰয়ে, "অভিনয়" অভিনয়ে। অভিনেতা গৰাকীয়ে যদি চৰিত্ৰটোলৈ ৰূপান্তৰ হৈছে, হোৱা বুলি দৰ্শকৰ মুখত শুনিছে, সেয়া অভিনেতা গৰাকীৰ বাবে আনন্দৰ উৎস, প্ৰেৰণা। অভিনেতা গৰাকীক কেৱল "চৰিত্ৰ" লাগে, অভিনয় শক্তি (acting power) দেখুৱাব পৰা।
Tumblr media
কথাটো এনে ধৰণৰ নাছিল, যতীন খনিকৰে সৰুৰে পৰা সপোন দেখিছিল-- চিনেমাৰ নায়ক হ'ব, চিনেমাত অভিনয় কৰিব। কিন্তু অভিনয়ৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। "শক্তি বিভাগ"ত কৰ্মৰত খনিকৰৰ মনলৈ এদিন হঠাতে আহিল-- চাকৰিৰ বাহিৰেও কিবা এটা কৰা উচিৎ! খোৱা-ফুৰাটোৱে মানুহৰ জীৱন হ'ব নোৱাৰে! সমাজক জনি সমাজৰ বাবে কিবা-কিছু কৰা উচিৎ! "কিবা কিছু কৰাৰ চিন্তাৰে খোজ দিলে অভিনয়ৰ বাটত (ক্ৰমশঃ)
0 notes
utpalmena · 4 months
Text
ৰাজপাল, মনোজৰ বাটেৰে যতীন খনিকৰ
--উৎপল মেনা
এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু "চিনাকী মুখ"ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম-- "বেলকনিত ভগৱান"। অভিনেতা গৰাকীক জনা নাছিলোঁ, জানিলোঁ "কুঁহিপাঠ" নামৰ চিনেমা খন চোৱাৰ পাছতহে। যোৱা ১২ মে' তাৰিখে চিনেমা খন চোৱাৰ পাছত অভিনেতা গৰাকীক জানিছিলোঁ, বুজিবলৈ চেষ্টা কৰিছিলোঁ! ইমান খিনি বুজিছিলোঁ-- অভিনয়ৰ বাবে অভিনয় কৰা অভিনেতা। সৰল ভাষাত "আভিনয় পাগল" বুলিয়ো কব পাৰি। আৰু জানিছিলোঁ, চৰিত্ৰ বুজি, "চৰিত্ৰ"লৈ নিজকে ৰূপান্তৰ কৰাৰ পাছতহে কেমেৰাৰ সন্মুখত শ্বট দিয়ে। --অভিনেতা গৰাকীৰ নাম যতীন খনিকৰ। 
যতীন খনিকৰ চৰ্চালৈ আহিছিল চন্দ্ৰ মুদৈৰ পৰিচালনাৰে নাৰ্মিত-- "গো গো আই"ত কৰা অভিনয়ৰে। মূল চৰিত্ৰটোত অভিনয় কৰিছিল। পৰিচালক-লেখক মুদৈয়ে COVID-19 lockdown-ৰ সময়ৰ এটা সঁচা কথাৰ আধাৰত কাহিনী, আৰু কাহিনীক গতি দিয়া চৰিত্ৰ (কাহিনীৰ মূল বিন্দু)  এটা নিৰ্মাণ কৰিছিল। কাহিনীৰ সেই মূল বিন্দুটো পৰিচালকে নিৰ্মাণ কৰিছিল যতীন খনিকৰক লৈ। চৰিত্ৰটো লকডাউনৰ সময়ত গুজৰাটৰ পৰা অসমলৈ যাত্ৰা কৰা এগৰাকী লোকৰ। চিনেমা খনৰ মূল সৌন্দৰ্য খনিকৰৰ অভিনয়।
--এই গৰাকী অভিনেতাক লৈ আৰু ভালেমান ভাল চৰিত্ৰ নিৰ্মাণ হৈছে। অভিনয় কৰা চিনেমা: জীৱনসংগী , হিয়া দিবা কাক. পূৰৱ কি আৱাজ, ভোলা ব'মভোলা, গমন, আমিনা, বেলকনিত ভগৱান, ফেঁহুজালি, লোকবন্ধু, ব্ৰহ্মকন্যা, দ্যা ফেচ, আহি আছে, তুমি মালালা, অৰ্জুন, লংকাকাণ্ড, তাণ্ডৱ অব পাণ্ডৱ, ব্ৰকেন হাৰ্ট, ৰণাংগন, কুঁহিপাঠ, বোৰ্খা --the veil আদি। আমি মন দিলে দেখিম-- স্থানীয় বজাৰ কেন্দ্ৰিক চিন্তাৰে নিৰ্মাণ হোৱা আসমীয়া চিনেমাত অভিনেতা গৰাকীয়ে বিশেষ সুযোগ পোৱা নাই। কাহিনীক গতি দিবলৈ বা পৰিবেশ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা কম ফুটেজৰ, আতি কম ফুটেজৰ চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছে। অভিনেতা গৰাকীক লৈ কোনো ধৰণৰ চৰিত্ৰ নিৰ্মাণ হোৱা নাই। বিপৰীতে চিনেশিল্পৰ বাবে নিৰ্মাণ হোৱা চিনেমাত দীৰ্ঘ ফুটেজৰ ভাল চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছে। আমাৰ ধাৰণাত-- এই যে পাইছে, পোৱানাই এয়া এয়া অভিনেতা গৰাকীৰ বাবে চিন্তাৰ বিষয় নহয়! "চৰিত্ৰ" চৰিত্ৰয়ে, "অভিনয়" অভিনয়ে। অভিনেতা গৰাকীয়ে যদি চৰিত্ৰটোলৈ ৰূপান্তৰ হৈছে, হোৱা বুলি দৰ্শকৰ মুখত শুনিছে, সেয়া অভিনেতা গৰাকীৰ বাবে আনন্দৰ উৎস, প্ৰেৰণা। অভিনেতা গৰাকীক কেৱল "চৰিত্ৰ" লাগে, অভিনয় শক্তি (acting power) দেখুৱাব পৰা।
Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media Tumblr media
কথাটো এনে ধৰণৰ নাছিল, যতীন খনিকৰে সৰুৰে পৰা সপোন দেখিছিল-- চিনেমাৰ নায়ক হ'ব, চিনেমাত অভিনয় কৰিব। কিন্তু অভিনয়ৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। "শক্তি বিভাগ"ত কৰ্মৰত খনিকৰৰ মনলৈ এদিন হঠাতে আহিল-- চাকৰিৰ বাহিৰেও কিবা এটা কৰা উচিৎ! খোৱা-ফুৰাটোৱে মানুহৰ জীৱন হ'ব নোৱাৰে! সমাজক জনি সমাজৰ বাবে কিবা-কিছু কৰা উচিৎ! "কিবা কিছু কৰাৰ চিন্তাৰে খোজ দিলে অভিনয়ৰ বাটত (ক্ৰমশঃ)
0 notes
utpalmena · 5 months
Text
Check out this post… "চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে: ঝুলন কৃষ্ণ মহন্ত".
0 notes
utpalmena · 5 months
Text
Check out this post… "জিতুল: এক সুৰীয়া যাত্ৰা (এখন গ্ৰন্থৰ খচৰা)".
0 notes
utpalmena · 5 months
Text
Check out this post… "অসমীয়া চিনেমা ২০২৪".
0 notes